মোৰ আধৰুৱা কাহিনী।
মোৰ প্ৰথম প্ৰেম। আজিও মই তোমাক facebook, instagram' ত পিতপিতাই বিচাৰি ফুৰো। তোমাৰ পূৰণি status বোৰ হয়তো তোমাৰেই মনত নাই, কিন্তু মোৰ মনত ৰৈ গৈছে।
কিয়বা নৰব...মই দেখোন সেইবোৰৰ মাজতেই মোৰ ষ্মৃতিবোৰ খুচৰি ফুৰো। শৈশৱৰ সেই মৰমলগা মুখখন বিচাৰি facebook তালআফাল কৰো। কিন্তু কথাবোৰ তোমাক কোৱাৰ সাহস কোনোদিনেই গোটাব নোৱাৰিলো। মোৰ জীৱনলৈও বহুতবাৰ শৰৎ আহিছে, গৈছেও। কিন্তু প্ৰথমবাৰ শৰতৰ সেই শেৱালি ফুলাৰ গুন্ধ আজিও যেন মই ক'ৰবাত বিচাৰি ফুৰো। তোমাৰ হয়তো মোক মনত নাই, হয়তো delete হৈ গৈছো কেতিয়াবাই....তোমাৰ জীৱনৰ memory খনৰ পৰা একেবাৰে।কিন্তু তুমি মোৰ বাবে আজিও সেই চিনাকী মৰমলগা মুখখন হৈয়ে ৰ'লা।বহুত কথাই কোৱা নহল তোমাক, কবলৈ কেতিয়াও সূযোগেই নাপালো। মোৰ rough copy'r খালি ঠাইবোৰত অজানিতে লিখি পেলোৱা N+R আখৰ কেইতা তুমি কোনোদিনেই দেখা নাপালা। এৰা!!!!! এতিয়াতো তোমাক বিচাৰি যোৱাৰো কোনো কাৰন নাই। তুমি হয়তো আন কাৰোবাৰ বুকুত লেৱালি হৈ ফুলিলা। থাকক দিয়া, কিছুমান অনুভূতি গোপনে ৰাখিয়েই ভাল লাগে। তোমাক এবাৰ ওচৰৰ পৰা চাবলৈ খুওৱ মন যায় জানা...নাজানো ক'তবা হেৰাই গ'লা তুমি। আশা কৰো কুশলে আছা।